গ্ৰাম্য জীৱনৰ আধাৰত নিৰ্মাণ কৰা, কেইবাটাও আন্তাৰ্জাতিক খ্যাতি লাভ কৰা বোম্বা ৰাইড ছবিখনে মুক্তি লাভ কৰিব ১৬ছেপ্টেম্বৰত। মিচিং ভাষাৰ  আধাৰত নিৰ্মিত  ‘বোম্বা ৰাইড’ ছবিখনে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে কান ফিল্ম ফেষ্টিভেললৈ চৰকাৰে নিৰ্বাচিত কৰিছিল ছবিখন। 
এক গাৱলীয়া পৰিৱেশৰ পটভূমিত ছবিখন সুন্দৰভাৱে সঁজাই তুলিছে বিশিষ্ট পৰিচালক  বিশ্বজিৎ বৰাই। চলচ্চিত্ৰখন এখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভল হৈছে।  য'ত শিক্ষকসকলৰ মুখ্য সংগ্ৰাম হৈছে বিদ্যালয়খন জীয়াই ৰখা কিয়নো বিদ্যালয়খনত মাত্ৰ এজন শিক্ষাৰ্থী আছে, যাৰ নাম বুম্বা। যেতিয়া বিদ্যালয়খন ধ্বংসৰ পথত আছিল বুম্বা তেওঁৰ পোন পটীয়া জ্ঞানেৰে তেওঁৰ বিদ্যালয়ক বচাবলৈ আগবাঢ়ি গৈছিল আৰু তেওঁলোক সকলোৱে উপলব্ধি কৰিছিল যে শিক্ষাই এখন সমাজৰ বাবে কি কৰিব পাৰে।
এনে ধৰণৰ ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে নিৰ্মিত ছবিখনৰ পৰিচালকসহ ছবি কলা-কুশলীসকলে আজি গোলাঘাট পৌৰসভা সভাকক্ষত এখনি সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেল পৰিচালক বিশ্বজিৎ বৰাই ছবিখনৰ নিৰ্মাণৰ আঁৰৰ বিভিন্ন কথা অৱগত কৰাৰ লগতে ছবি চাবলৈ ৰাইজক আহ্বান জনায়।