চিলাপথাৰত এল আই চি আইৰ এজেণ্টৰ অৱস্হান ধৰ্মঘট চিলাপথাৰত নিজৰ প্ৰাপ্য বিছাৰি ভাৰতীয় জীৱন বীমা নিগমৰ  LIC ত কৰ্মৰত এজেন্ট সকলৰ অৱস্হান ধৰ্মঘট

লাইফ ইঞ্চুৰেঞ্চ এজেন্ট ফেডাৰেশ্যন অফ ইণ্ডিয়া LIAFI ৰ আহ্বানত সমূগ্ৰহ ভাৰতবৰ্ষত ভাৰতীয় জীৱন বীমা নিগম LIC ত কৰ্মৰত এজেন্ট সকলে ১৩ দফীয়া সম্বলিত দাবী ৰূপায়ন কৰিছে প্ৰতিবাদ । ইয়াৰ সমান্তৰালকৈ LIC ৰ যোৰহাট ডিভিশ্যন চিলাপথাৰ উপগ্ৰহীয় শাখা কাৰ্যালয়ৰ চৌহদতো এজেন্ট সকলে বীমা গ্ৰাহক সকলৰ প্ৰাপ্য , সুযোগ সুবিধা আৰু উন্নত সেৱা প্ৰদানৰ দাবীত কৰ্মৰত এজেন্ট সকলে কলা বেজ পৰিধানেৰে হাতে হাতে প্লেকাৰ্ড লৈ পলেচি গ্ৰহকৰ বোনাচ বৃদ্ধি কৰক , LIAFI জিন্দাবাদ , আমাৰ দাবী মানিব লাগিব আদি বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে এল আই চিৰ চিলাপথাৰ  উপগ্ৰহীয় শাখা কাৰ্যালয় চৌহদ । উল্লেখ্য যে  ১ ছেপ্টেম্বৰ ২০২২ৰ পৰা ভাৰতীয় জীৱন বীমা নিগমৰ দ্বাৰা আয়োজিত  সমস্ত অনুপ্ৰেৰণা মূলক কাৰ্যসূচীৰ পৰা  বিৰত থকাৰ উপৰিও

 LICI ৰ কৰ্তৃপক্ষই এজেন্ট সকলৰ ১৩ দফীয়া দাবী শীঘ্ৰেই মানি নোলোৱা পৰ্যান্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি সংবাদমাধ্যৰ আগত এজেন্ট সকলে জানিব দিয়ে।