দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত CRPF 210 COBRA কেম্পৰ উদ্যোগত MEGHA PLANTATION. প্ৰায় ৫০০ গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে দলগাওস্থিত 210 Cobra কেম্পৰ CRPF বাহিনীয়ে। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্য্যসূচী হাতত লৈছে। বৃক্ষ ৰোপণ কাৰ্যসূচীৰ অন্তত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত ছাত্ৰ ছাত্ৰী ,শিক্ষক শিক্ষয়ত্ৰীৰ উপস্থিতিত অতিথিসকলে বৃক্ষ ৰোপণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।

সভাত উপস্থিত থাকে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান , 210 Cobra Campৰ Commandant অশোক কুমাৰ । Deputy comamdent শিব কুমাৰ ৰাও ।খাৰুপেটীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মৌচুমী সাহা কলিতা , অধ্যাপক আছমানাৰা বেগম , জেষ্ঠ চিকিৎসক শ্ৰোট গুপ্তা । একাংশ লোকে গছ গছনি কাটি তহিলং কৰাত পৃথিৱীৰ জলবায়ু তথা উত্তাপ বৃদ্ধি পাইছে বুলি ভাষণত ক্ষোভ প্ৰকাশ কৰে বিধায়ক মজিবুৰ ৰহমানে । আনহাতে উপস্থিত সকলোকে বৃক্ষ ৰোপনত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় বিধায়ক মজিবুৰ ৰহমানে ।