প্রতিবছৰে ১ জুলাই দিনটো ‘চিকিৎসক দিৱস’ হিচাপে পালন কৰা হয়৷ ১৮৮২ চনৰ ১ জুলাই তাৰিখে বিহাৰৰ পাটনাত এজন বিশিষ্ট চিকিৎসক ডাঃ বিধান চন্দ্র ৰয়ৰ জন্ম হৈছিল ৷ তেওঁৰ জন্মদিৱসৰ লগত সংগতি ৰাখিয়েই ভাৰত চৰকাৰে ১৯৯১ চনৰপৰা ‘চিকিৎসক দিৱস’ উদযাপন কৰি আহিছে । ৰোগ-যন্ত্ৰণাত ছটফটাই থকা ৰোগীসকলৰ বাবে চিকিৎসকসকল হ’ল দেৱতা বা ভগৱান সদৃশ। এই চিকিৎসকসকলে মানৱ জাতিলৈ আগবঢ়োৱা মানৱীয় সেৱাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে এটা বিশেষ দিন উদযাপন কৰা হয়। কিন্তু প্ৰতিবছৰে পাঁচ ছেপ্টেম্বৰ তাৰিখে পালন কৰা ‘শিক্ষক দিৱস’ত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা কৃতী শিক্ষক বঁটা ঘোষণা কৰাৰ দৰে চৰকাৰে আজিকোপতি আনুষ্ঠানিকভাৱে কৃতী চিকিৎসক বঁটা ঘোষণা কৰা নাই । ক’ভিড পৰিস্থিতিত চিকিৎসক সকল আছিল আগশাৰীৰ যোদ্ধা । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সেয়েহে গত বৰ্ষত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ বঁটা চিকিৎসক সমাজক প্ৰদান কৰাৰ বাবে চিন্তা-চৰ্চা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আহ্বান জনাইছিল । আমি ভাবোঁ, ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও এই বৰ্ষৰ ‘চিকিৎসক দিৱস’ৰ পৰাই দেশত কৰ্মৰত চিকিৎসকসকলৰ মাজৰ পৰা ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা কৃতী চিকিৎসক নিৰ্বাচন কৰি সন্মানিত কৰিব । চৰকাৰৰ এই পদক্ষেপে মানৱদৰদী চিকিৎসকৰ সংখ্যা বৃদ্ধিত নিশ্চিতভাৱে অৰিহণা যোগাব । অসম চৰকাৰে প্ৰদান কৰি অহা অসম ৰত্ন, অসমশ্ৰী,অসম বিভূষণ,অসম ভূষণ সন্মানৰ ক্ষেত্ৰতো বুদ্ধিজীৱী, সমাজকৰ্মী,শিক্ষক,লেখক,সাহিত্যিক,শিল্পী,সাংবাদিকৰ লগতে চিকিৎসকসকলকো অন্তৰ্ভুক্ত কৰা উচিত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'चुनाव से पहले ही क्यों गिरफ्तार..' Supreme Court ने Arvind Kejriwal Arrest पर ED से सख्त बात कह दी!
'चुनाव से पहले ही क्यों गिरफ्तार..' Supreme Court ने Arvind Kejriwal Arrest पर ED से सख्त बात कह दी!
દિલ્હીના મુખ્યમંત્રી અને આમ આદમી પાર્ટી ના પ્રમુખ અરવિંદભાઈ કેજરીવાલ નું આપના હોદ્દેદારોએ વિશેષ સ્વાગત કર્યું
દિલ્હીના મુખ્યમંત્રી અને આમ આદમી પાર્ટી ના પ્રમુખ અરવિંદભાઈ કેજરીવાલ આવી પહોંચ્યા છે તેઓ બપોરે...
रोहा में अगप ने मनाया ३८वां स्थापना दिवस।
असम गण परिषद (अगप)ने आज अपना ३८वां स्थापना दिवस एक दिवसीय कार्यक्रम के साथ रोहा में मनाया
...
કાનુડાને પ્રસાદમાં ધરાવો ‘પંચામૃત’, સ્ટેપ બાય સ્ટેપ આ રીતે બનાવો ઘરે
કાનુડાને પ્રસાદમાં ધરાવો ‘પંચામૃત’, સ્ટેપ બાય સ્ટેપ આ રીતે બનાવો ઘરે