শিক্ষক দিৱসৰ দিনটোত ঢকুৱাখনাত ''অৱসৰী এন পি এছ শিক্ষক কৰ্মচাৰীৰ মৰ্মবেদনা ''শীৰ্ষক এক অনুষ্ঠান সম্পন্ন।

ৰাজ্যত ২০০৫চনৰ পিছত নিযুক্তিপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সকলক পুৰনি পেঞ্চন নীতি বাহাল ৰখাৰ বিপৰীতে চৰকাৰে NPS বাহাল ৰখাত বহু শিক্ষকৰ জীৱনলৈ কঢ়িয়াই আনিছে বিপদ।

কাৰণ অৱসৰপ্রাপ্ত এই সকল শিক্ষকে কোনোৱে লাভ কৰে মাহিলী ৮০০টকা আন কোনোৱে লাভ কৰে ১০০০বা ১৫০০টকা।এই কেইটা টকাৰে মাহটো কেনেকৈ চলিব,যাৰ বাবে জীৱনত জীয়াতো ভোগিব লগীয়া হৈছে।এই সকল শিক্ষক কৰ্মচাৰীক লৈ শিক্ষক দিৱসৰ দিনটোতে ঢকুৱাখনাৰ জিলা এন পি এছ কৰ্মচাৰী সংস্থাই সম্বৰ্ধনাৰ অনুষ্ঠানৰ লগতে তেওঁলোকৰ মৰ্মবেদনা শীর্ষক এক অনুষ্ঠান আয়োজন কৰিছিল।যত সৰহ সংখ্যক ২০১৩ চনত প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক উপস্থিত থাকি তেওঁলোকৰ অবসৰকালীন দুখৰ দিনৰ কথা ব্যক্ত কৰে,লগতে ঢকুৱাখনাত এইদৰে ঢকুৱাখনাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক অতি সোনকালে এই NPS আইন বাতিল কৰি সমস্যা সমাধান কৰিবলৈ অনুৰোধ জনাইছে।