তিনিচুকীয়াৰ আমাৰ ঘৰ নামৰ বৃদ্ধা আশ্ৰমত উপস্থিত হৈ বস্ত্ৰদান, দিনৰ এসাজ আৰু দৈনিক প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান।চলিত বছৰটোৰ পৰাই প্ৰতি বছৰে ১০ গৰাকীকৈ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱা প্ৰয়াস থাকিব বুলি ছেত্ৰী কোচিং চেণ্টাৰৰ শিক্ষক সুৰাজ ঢাকাল আৰু ছাত্ৰ ছাত্ৰী সকলে জনায়।অৱসৰপ্ৰাপ্ত ১০ গৰাকী শিক্ষাগুৰু ক্ৰমে-পুণ্য শইকীয়া,ভৈৰব থাপা, দিলীপ ভট্টাচাৰ্য,ভৰত হাজৰিকা,অশোকানন্দ চক্ৰৱৰ্তী,বিকাশ কুমাৰ বৰুৱা,দেৱীচৰণ চেদাই,কেডাৰনাথ তিমচিনা,ভাৱভূতি শংকৰ বৰুৱা আৰু ৰাম বাহাদুৰ নিৰলা।
ডিগবৈত অৱসৰপ্ৰাপ্ত ১০ গৰাকী স্কুল-কলেজৰ শিক্ষক-শিক্ষয়িত্ৰীক ৫ছেপ্টেম্বৰত পবিত্ৰ শিক্ষক দিৱসত নিজ নিজ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা।


