সাপেখাতিৰ মৰাণহাবিত জলবায়ু পৰিবৰ্তন আৰু জৈৱিক কৃষিৰ প্ৰাসংগিকতা বিষয়ক সজাগতা সভা সম্পন্ন।

স্বেচ্ছাসেৱী সংগঠন নীডছ ঢোকীয়াখোৱা আৰু সৰ্বসাধাৰণ নাগৰিক সুৰক্ষা মঞ্চৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সাপেখাতিৰ মৰাণহাবিত "জলবায়ু পৰিবৰ্তন আৰু জৈৱিক কৃষিৰ প্ৰাসংগিকতা" বিষয়ক এখন সজাগতা সভা সোমবাৰে অনুষ্ঠিত কৰা হয়। সাপেখাতিৰ কলাকটা, মৰাণহাবি, লাকিলীহাবি আদি অঞ্চলৰ কৃষকসকলৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন। সভাত সাম্প্ৰতিক সময়ত জৈৱিক কৃষিৰ প্ৰাসংগিকতা তথা ইয়াৰ লাভজনক ব্যৱসায় তথা উপকাৰিতা সম্বন্ধে আলোচনা কৰা হয়।