আজি পাঁচ ছেপ্তেম্বৰ , আজি শিক্ষক দিৱস বুলি লাজ লাজ কৈ কথাখিনি আৰম্ভ কৰা ধৃতিষ্মানৰ গুৰু বন্দনাই মন পুলকিত কৰিলে শিক্ষাগুৰুৰ ৷
নিয়মীয়া বাৰ্তা কাকতৰ জেষ্ঠ উপসম্পাদক দিগন্ত বৈৰাগীৰ সন্তান ধৃতিষ্মানে আজি গুৱাহাটী জটিয়াৰ দৃষ্টি কলা কেন্দ্ৰত এইদৰেই শিক্ষক দিৱসত শিক্ষাগুৰু সকললৈ জনালে সশ্ৰদ্ধ সেৱা
কনমানিটিৰ প্ৰতি শব্দই মন ভৰালে সকলোৰে।