কামৰূপ জিলাৰ মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪২০নং সাতগাঁও প্ৰাথমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । সমগ্ৰ সৰ্বশিক্ষা মিচনৰ ২০১৩/১৪ বৰ্ষৰ গ্ৰাম্য আন্তগাঁঠনি আঁচনিৰ অধীনত ৫০৮২০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগা অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপনৰ পিছতে বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত এখন সভাত হেমন্ত চৌধুৰীয়ে নিজৰ ভাষণত ৫০ জনৰ কম ছাত্ৰ ছাত্ৰী থাকিলে স্কুল স্থানান্তৰ কৰাৰ চৰকাৰে যি নীতি প্ৰযোজ্য কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি ৫০ জনৰ ওপৰত ছাত্ৰ ছাত্ৰী ৰখাত গুৰুত্ব দিব লাগে বুলি উল্লেখ কৰে ৷ প্ৰধান শিক্ষয়িত্ৰী ববিতা নাথৰ তৎপৰতাত অনুষ্ঠিত উক্ত সভাৰ পিছতে হেমন্ত চৌধুৰীয়ে ৰাইজৰ কেবাটাও সমস্যাৰ বুজ লৈ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে। বিশেষকৈ সাতগাঁও পাইকাৰী চুবুৰী হৈ যোৱা পথটোৰ ভয়াবহ গৰাখহনীয়া পৰিদৰ্শন কৰি তৎকালীনভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে ৷ পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীক সংগদান কৰে মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম
,স্থানীয় গাঁও প্ৰধান আজামুল্লা আলী, শিক্ষক তথা সমাজকৰ্মী মুকুটৰ ৰহমান প্ৰমুখ্যে মান্দাকাটা গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কনিষ্ঠ একাংশ কৰ্মকৰ্তাই ৷