নাহৰহাবি চাহ বাগিচাত অ এন জি চিৰ উচ্ছেদৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ

চৰাইদেউ জিলাৰ লাকুৱা নাহৰহাবি চাহ বাগিচাত আজি শ্ৰমিক সকলে অ'এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে। জানিব পৰা মতে, অ'এনজিচিয়ে বাগিচাখনত চাহ গছ উচ্ছেদ চলাব লোৱাৰ পৰিপ্ৰেক্ষিতত বাগিচাখনৰ শ্ৰমিকৰ লগতে বিভিন্ন দল সংগঠনে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে আজি পুৱা অ'এনজিচিয়ে জেচিবি ব্যৱহাৰ কৰি বাগিচা খনৰ চাহগছ উচ্ছেদ কৰিব অহাত শ্ৰমিক সকলে ৰৌদ্ৰৰূপ ধাৰণ কৰি জেচিবিকেইখন ওভতাই পঠাই। পাছত হাজাৰ হাজাৰ চাহ শ্ৰমিকে বাগিচাখনৰ ফেক্টৰী ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। পৰৱৰ্তী সময়ত আটছাৰ তৰফৰ পৰা বাগিচাৰ পৰিচালকক এক স্মাৰক পত্ৰ প্ৰদান কৰি বাগিচা খনত উচ্ছেদ চলালে অ'এনজিচিৰ কামকাজ লাকুৱা অঞ্চলত বন্ধ কৰি দিয়া হব বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হয় । বাগিচাখনত অ'এনজিচিয়ে উচ্ছেদ চলালে তীব্ৰ জংগী আন্দোলন চলোৱাৰ হুংকাৰ দিছে মাহমৰা শাখা আটছাই ৷