চিলাপথাৰৰ গেলগেলিত দিনজোৰা কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যাগত শিক্ষক দিবস উদ্ যাপন

আজি ৫ ছেপ্টেম্বৰ । ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰ জন্ম দিন । তেওঁ এই জন্ম দিনৰ লগত সংগতি ৰাখি দেশে প্ৰত্যেকবছৰৰ ৫ ছেপ্টেম্বৰ তাৰিখে উদ্ যাপন কৰি আহিছে শিক্ষক দিবস । বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰৰ সমীপৰ গেলগেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহতো দিনজোৰা কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিয়ে উদ্ যাপন কৰে শিক্ষক দিবস। শিক্ষক দিৱসৰ এই অনুষ্ঠানত অঞ্চলটোৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে AJYP ৰ কেন্দ্ৰীয় সভাপতি উজ্বল কুমাৰ চুতীয়া , ধেমাজি জিলা সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক তিলক্য তামুলিকে ধৰি প্ৰায় দুই শতাধিক স্হানীয় ৰাইজ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।