বীৰ লাচিত সেনাৰ গুৱাহাটী মহানগৰ সমিতিৰ আটকাধীন চাৰি সদস্যক মুক্তিৰ দাবীৰে সোমবাৰে সন্ধিয়া পানীতোলাত তীব্র প্ৰতিবাদ সাব্যস্ত কৰে পানীতোলা আঞ্চলিক বীৰ লাচিত সেনাই  ।

সংগঠনটোৰ পানীতোলা আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধ-শতাধিক সদস্যই পানীতোলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ।

প্ৰতিবাদৰ জৰিয়তে অতিশীঘ্ৰে আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰা গুৱাহাটী মহানগৰ বীৰ লাচিত সেনাৰ চাৰি সদস্যক মুক্তিৰ দাবী জনাই পানীতোলা আঞ্চলিক বীৰ লাচিত সেনাই ।