কমল নয়ন সংস্কৃতি গোষ্ঠীৰ দ্বাৰা আয়োজিত আৰু আগচু মোনাবাৰী গাওঁ শাখাৰ সহযোগত Career guidance,counseling and personality development কাৰ্যসূচীত অসমৰ বিভিন্ন ঠাইৰ প্ৰশিক্ষক সকলে অংশগ্ৰহন কৰে। দ্বাদশ দিনলৈকে পুৱা ৬ বজাৰ পৰা ৮ বজালৈকে প্ৰশিক্ষক সুৰজ শৰ্মাই যোগাশন, self defence, Kung Fu, grappling, wrestling, kerati, Thaiboxing আদি প্ৰশিক্ষণ দিয়ে । দিনৰ ৩ বজাৰ পৰা ৬.৩০ বজালৈকে গীত,নৃত্য,চিত্ৰাংকন,কবিতা,
ৰচনা লিখা,আকস্মিক বকৃতা,কুইজ প্ৰতিযোগিতা,শ্লোক,গীত,নৃত্য, শৰীৰ চৰ্চা,ব্যায়াম তথা বিভিন্ন ক্ৰীড়াৰ লগতে বহুতো অভিভাৱক সকল উপস্থিত থাকি অনুষ্ঠান সফল কৰিবলৈ সহযোগিতা আগ বডোৱাৰ লগতে গোষ্ঠীৰ ভাৰপ্ৰাপ্ত সভাপতি বিক্ৰম শৰ্মা,সম্পাদক অনুপ শৰ্মা, সাংস্কৃতিক সম্পাদক হৃতিক শৰ্মা,সদস্য সদস্যাৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা সমল ব্যক্তি তথা প্ৰশিক্ষক সকল উপস্থিত থাকি বহু আয়ামিক সৰ্বাংগীন বিকাশৰ কৰ্মশালাত অংশগ্ৰহণ কৰি আহিছে বুলি জানিব পৰা গৈছে।
কৰ্মশালাৰ ত্ৰয়োদশ দিনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কবিতা,গীত,শ্লোক আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত বিচাৰক হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱে বিদ্যা নিকেতন, গেলাপুখুৰিৰ প্ৰধান শিক্ষক যমুনা শৰ্মা, মকবুল হুছেইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা ১০৮ জৰুৰীকালীন সেৱাৰ কৰ্মী ভূৱন শৰ্মা উপস্থিত থাকে।
উক্ত অনুষ্ঠানত কবিতা আবৃত্তি প্ৰতিযোগিতা, গীত প্ৰতিযোগীতা,শ্লোক পাঠ প্ৰতিযোগীতা আৰু নৃত্য প্ৰতিযোগিতা হয় আৰু উক্ত প্ৰতিযগিতা সমূহত প্ৰায় ৭০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
আগন্তুক ৩০ জুলাই তাৰিখ শনিবাৰে পুৱা ৮ বজাৰ পৰা শোভাযাত্ৰা বাটৰ নাটৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম হোৱাৰ লগতে পুৰস্কাৰ বিতৰণ আৰু গোষ্ঠীৰ সম্পাদক অনুপ শৰ্মাৰ মুক্তক সংগ্ৰহ "প্রতীক্ষা" গৃহ বিমোচন হব ।