*চৰাইদেউ জিলাত ব্যাপক পাল্ছ পলিঅ' প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি*

১৮, ১৯ আৰু ২০ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ অন্তৰ্গত প্ৰদান কৰা হ'ব পাল্ছ পলিঅ' প্ৰতিষেধক 

*উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত টাস্ক ফৰ্চৰ বৈঠক সম্পন্ন*

সোণাৰি, ৫ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ ১৮ খন জিলাৰ লগতে চৰাইদেউ জিলাতো ব্যাপক পাল্ছ পলিঅ' প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই সন্দৰ্ভত অহা ১৮, ১৯ আৰু ২০ ছেপ্টেম্বৰত আয়োজন কৰা উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ অন্তৰ্গত ০-৫ বছৰ বয়সৰ শিশু সকলক প্ৰদান কৰা হ'ব পাল্ছ পলিঅ' প্ৰতিষেধক। 

এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ অৰ্থে সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়াসকলৰ দ্বাৰা গঠিত টাস্ক ফৰ্চৰ এখন সভা আজি বিয়লি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। 

সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই বিশেষ কাৰ্যসূচীৰ অধীনত জিলাখনৰ ০-৫ বছৰ বয়সৰ কোনো শিশু যাতে পাল্ছ পলিঅ' প্ৰতিষেধক লাভ কৰাৰ পৰা বাদ পৰি নাযায়, তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। তেওঁ এই কাৰ্যসচীৰ সফল ৰূপায়ণৰ বাবে স্বাস্থ্য বিভাগৰ লগতে সংশ্লিষ্ট বিভাগসমূহক সু-সমন্বয় বজাই ৰাখিবলৈ কয়। তেওঁ অংগনবাড়ী কৰ্মী-সহায়িকাসকলক বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, ট্ৰেঞ্জিট পইন্ট যেনে বাছ আস্থান, বস্তি এলেকা, ইটা ভাটা, প্ৰব্ৰজিত এলেকা, নিৰ্মাণ স্থলী, চাহ-বাগিচা এলেকা আদিত স্থাপন কৰিবলগীয়া প্ৰতিষেধক বুথ সমূহত স্বাস্থ্য বিভাগৰ কৰ্মীসকলক সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ এই কাৰ্যসূচী সন্দৰ্ভত ব্যাপক গণ সজাগতা বৃদ্ধিৰ পোষকতা কৰে। 

সভাত অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ড: হেমন্ত বাইলুং, জিলা প্ৰতিষেধক বিষয়া ড: সুনীল কুমাৰ হাজং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক অভিজিত শৰ্মাই বক্তব্য ৰাখে। 

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰীক্ষক চিকিৎসা বিষয়া ড: নগেন শৰ্মাই এক পাৱাৰ পইন্ট প্ৰেজেণ্টেচন যোগেদি উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ অন্তৰ্গত প্ৰদান কৰিবলগীয়া পাল্ছ পলিঅ' প্ৰতিষেধক কাৰ্যসূচীৰ ওপৰত এক বিস্তৃত প্ৰতিবেদন দাঙি ধৰে।

আজিৰ সভাত স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ উপৰিও শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল তথা সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।