আজি সমগ্ৰ দেশজুৰি ভূতপূৰ্ব ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণননৰ স্মৃতি সুঁৱৰি পালন কৰা হৈছে শিক্ষক দিৱস।ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নৰ্মাল স্কুল,ঢকুৱাখনাৰ শিক্ষাৰ্থী সকলৰ উদ্যোগতো দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়।কাৰ্যসূচী অনুসৰি শিক্ষা গুৰুসকলক সভাক্ষলৈ সম্ভাষণ জনাই আদৰি নিয়াৰ পিছতেই ৰাধাকৃষ্ণননৰ প্ৰতিছৱিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি বক্তব্য ৰাখে নৰ্মাল স্কুল ,ঢকুৱাখনাৰ অতিথি শিক্ষক তোলন দত্তই।ইয়াৰ পিছতেই অধ্যক্ষ লক্ষী কোঁৱৰৰ সঞ্চালনাত মূল অনুষ্ঠান আৰম্ভ হয়। গুৰু বন্দনাৰে উদ্ধোধন কৰা সভাখনিত অংশগ্ৰহণ কৰি নৰ্মাল স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক-আনন্দ গগৈ,অতিথি শিক্ষক-ৰাজীৱ বৰুৱা,শিক্ষয়িত্ৰী-অপৰাজিতা বুঢ়াগোহাঁই,পল্লৱী গগৈ,প্ৰশিক্ষাৰ্থী-হৰি প্ৰসাদ চুতীয়া, বিপুল দত্ত আদিয়ে শিক্ষক দিৱসৰ তাৎপৰ্য আৰু দিনটোৰ অনুভৱ সন্দৰ্ভত বক্তব্য ৰাখে।ইফালে এই শিক্ষক দিৱসৰ মুকলি সভাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি -নৰ্মালৰ প্ৰশিক্ষাৰ্থী হিমাদ্ৰী বৰা,লীলাকান্ত টাইড আৰু চেন্টেল স্কুল,ঢকুৱাখনাৰ ছাত্ৰ জ্ঞানজিৎ বৰুৱাই গীত,নৰ্মালৰ প্ৰশিক্ষাৰ্থী বনানী গগৈ,নয়না চুতীয়া, অংকিতা বৰা,মৌচুমী বৰা,জুৰি দলে,আৰু তৃষ্ণা নাজিৰ,শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়,ঢকুৱাখনাৰ ছাত্ৰী বিনাশ্ৰী বৰুৱা,আৰু ডেইজী পেগুৱে নৃত্য,নৰ্মালৰ অতিথি শিক্ষক বিৰিঞ্চি প্ৰাণ কোঁৱৰ আৰু প্ৰশিক্ষাৰ্থী সংগীতা চিৰিঙে কবিতা আবৃত্তি কৰে।

প্ৰশিক্ষাৰ্থী পাৰ্থপ্ৰতিম দাসে আঁত ধৰা শিক্ষক দিৱসৰ অনুষ্ঠানৰ মাজত প্ৰশিক্ষাৰ্থী কৌস্তভ চুতীয়াই নৰ্মাল স্কুল,ঢকুৱাখনাৰ অধ্যক্ষ প্ৰমূখ্যে প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীৰে প্ৰতিকৃতি নিজহাতে অংকন কৰি শিক্ষক দিৱসৰ শুভ ক্ষণত গুৰু দক্ষিণাৰূপে প্ৰদান কৰে।