আজি শিক্ষক দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক, পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন । সমগ্ৰ দেশজুৰি উলহ-মালহেৰে পালন শিক্ষক দিৱস। ইপিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি প্ৰতিখন শিক্ষানুষ্ঠানত উলহমালহেৰে শিক্ষক দিৱস উদযাপন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো ৬১ সংখ্যক শিক্ষক দিৱস বি. এডৰ প্ৰশিক্ষাৰ্থী সকলে উদযাপন কৰে ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ৮ বজাত প্ৰশিক্ষাৰ্থীসকলে সমূহীয়া চাফাই কৰাৰ পিছত ১০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই বন্তি প্ৰজ্বলন কৰে । মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এটি প্ৰাৰ্থনাৰে অনুষ্টিত হোৱা সভাখন সভাপতিত্ব কৰে মহাবিদ্যালয় অধ্যক্ষ ড° প্ৰদিপ চন্দ্ৰ বৰাই ৷ অধ্যক্ষ ড° বৰা লগতে প্ৰশিক্ষক লিনা বুঢ়াগোহাঁই প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যি বহুখিনি গুৰুত্বপূৰ্ণ কথা অৱগত কৰে ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী কংকণা লেখাৰু, জাহ্নৱী শইকীয়াই সংগীত পৰিৱেশন আৰু হিৰেণ বৰুৱাৰ বাঁহী বাদনেৰে অনুষ্ঠানটো সুন্দৰ কৰি তোলে ৷ ইফালে মহাবিদ্যালয়খনৰ প্ৰশিক্ষাৰ্থীসকলে শিক্ষাগুৰু সকলক শ্ৰদ্ধাজনোৱাৰ লক্ষ্যৰে আজি দিনটোত শিক্ষক দিৱস অনুষ্ঠিত কৰি শিক্ষাগুৰু সকলৰ চৰণত সেৱা ও শ্ৰদ্ধা জনায় । আজি এই শিক্ষক দিৱসৰ মূল সভাত মহাবিদ্যালয় প্ৰশিক্ষক, কৰ্মচাৰী সকলৰ লগতে প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नए Pixel Fold की तैयारी में Google, डिजाइन और कैमरा में हो सकते हैं बड़े बदलाव
स्मार्टफोन कंंपनियां लगातार नए फोन डिजाइन करती रहती है। गूगल भी इस लिस्ट में शामिल है। हाल ही में...
Amit Shah Interview में Electoral Bonds, नाराजगी, CAA-NRC और संविधान बदलने पर क्या बोले?
Amit Shah Interview में Electoral Bonds, नाराजगी, CAA-NRC और संविधान बदलने पर क्या बोले?
প্রাক্তন ছাত্র সতীর্থ সন্মিলন নামৰ অনুষ্ঠানৰ লগত আছুৰ কোনো সম্পৰ্ক নাই এই কথা স্পষ্ট কৰিলে আছুৱে।
প্রাক্তন ছাত্র সতীর্থ সন্মিলন নামৰ অনুষ্ঠানৰ লগত আছুৰ কোনো সম্পৰ্ক নাই এই কথা স্পষ্ট কৰিলে আছুৱে।...
गावांमध्ये सौर ऊर्जेचा वापर वाढवा, नद्या स्वच्छ ठेवा, शाळा डिजिटल करा - इंदुरीकर महाराजांनी कीर्तनातून दिला ग्रामीण विकासाचा मंत्र
परळी (दि. 09) - मानवाच्या प्रगतीमध्ये विज्ञानाचे अनन्यसाधारण महत्व आहे, विज्ञानाने माणूस...