◆সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো আজি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ,যোৰহাটৰ উদ্যোগত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোত বালিগাঁও জগন্নাথ বৰুৱা আয্য বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে ৬১ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়৷অনুষ্ঠানত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ফটোত ফুলৰ মালাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বহু কেইকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নৃত্য গীত আদি পৰিৱেশন কৰি শিক্ষাগুৰু সকলকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷আজিৰ অনুষ্ঠানত জিলাখনৰ ১০ জন কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষা বিভাগৰ সহযোগত ভাৰতী ফাউণ্ডেশনে আয়োজন কৰা অনলাইন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ বিদ্যালয়ৰ মুঠ ৭ জন বিজয়ী শিক্ষকক পুৰস্কাৰ প্ৰদান কৰা হয়৷ উল্লেখ্য যে,৮৫০ খন বিদ্যালয়ৰ পৰা প্ৰায় ১৬০০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, শিক্ষকসকলে বহু কষ্ট কৰি মানব সম্পদ গঢ়ি তুলে৷গতিকে সকলোৱে শিক্ষাগুৰুক সন্মান জনোৱা উচিত৷ বিদ্যালয়খনক নিজৰ ঘৰ আৰু ছাত্ৰ ছাত্ৰীসকলক নিজৰ ল'ৰা ছোৱালী বুলি ভাবি কাম কৰিলে বিদ্যালয়সমূহৰ অধিক উন্নতি হ'ব বুলিও সাংসদ গৰাকীয়ে মন্তব্যত কয়৷অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে সকলো শিক্ষক শিক্ষয়িত্ৰীকে পবিত্ৰ শিক্ষক দিৱসৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰে৷উপায়ুক্ত গৰাকীয়ে ভাষণত প্ৰতিখন চৰকাৰী বিদ্যালয় একোখন আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ হ'লে বিদ্যালয় এখনৰ প্ৰধান শিক্ষকৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক আগ্ৰহ থকা বিষয়ত আগুৱাই নিবলৈ চেষ্টা কৰিবলৈ পৰামৰ্শ দিয়ে৷ তেঁওলোকক পঢ়াত মৱোনিৱেশ কৰিবলৈ আকৃষ্ট কৰাৰ লগতে চৰিত্ৰ গঠন, দেশপ্ৰেমবোধ জগাই তোলা আদি ভাল অভ্যাসবোৰো বিদ্যালয়তে শিকাবলৈ যত্ন কৰিব লাগে বুলিও উপায়ুক্ত গৰাকীয়ে ভাষণত কয়৷