বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত আজি ৬১তম্ শিক্ষক দিৱস উদযাপন কৰা হয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। প্ৰাক্তন ৰাষ্ট্ৰপতি , মহান দাৰ্শণিক ড:সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসটি শিক্ষক দিৱস হিচাপে প্ৰতি বছৰেই পালন কৰা হয়।এই উপলক্ষ্যে জিলা উপায়ুক্ত নবদ্বীপ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাপতিৰ ভাষণত তেওঁ গুৰু-শিষ্য সম্পৰ্কত আলোকপাত কৰে আৰু তেওঁ আজিৰ অনুষ্ঠানৰ পৰাই তেওঁৰ শিক্ষকসকলক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ আজিৰ সভাৰ বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে ড:সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পনো কৰে।

আজিৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সৰ্ব শিক্ষাৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিব আৰু বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে এগৰাকী শিক্ষক প্ৰাথমিক বিদ্যালয়ৰেই হওক বা হাইস্কুলৰেই হওক তেওঁ এজন ছাত্ৰৰ বাবে গোটেই জীৱনৰেই শিক্ষক,কেবল প্ৰাথমিক বা হাইস্কুলৰেই বুলি ক'ব নোৱাৰি।শিক্ষকসকলৰ সামাজিক সন্মান মহাভাৰতৰ দিনৰ পৰাই আছে।মৰুভূমি সেউজীয়া কৰাৰ সামৰ্থ্য যেনেদৰে কেবল মেঘৰেই আছে তেনেদৰেই শিক্ষকসকলেই পৃথিৱীখন সজীৱ কৰি ৰাখিব পাৰে।তেওঁ মহান দাৰ্শনিক পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু আদৰ্শৰ ওপৰতো আলোকপাত কৰে।

আজিৰ সভাত প্ৰাথমিক বিদ্যালয়, হাইস্কুলৰ শিক্ষক তথা ২জন মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক (CRCC)কে ধৰি মুঠ ১৮জন শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত(শিক্ষা) শ্যামল ক্ষেত্ৰ গগৈৰ লগতে কেবাগৰাকীও শিক্ষা বিষয়া আৰু বহু সংখ্যক শিক্ষক উপস্থিত থাকে।

 আজিৰ সভাত আঁত ধৰে বঙাইগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া তথা বঙাইগাঁও জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক(ভাৰপ্ৰাপ্ত) জ্যোৎস্না ৰাণী বৰ্মনে।