অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সকলৰ অন্যতম গোত্ৰ হৈছে পাতিৰ বংশাৱলী ৷ পাতিৰ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি দেওবাৰে গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত জনপ্ৰিয় ৰিয়েলিটি শ্ব' ডি আই ডি লিটিল মাষ্টাৰৰ ছিজন-৫-ৰ প্ৰথম ৰাণাৰ আপ আপ্পুন পেগু আৰু হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বধৰ্না জনোৱ হয় ৷ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত নৃত্য গীতৰো আয়োজন কৰা হয় ৷ 

ককেল্লেখনীয় যে, অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ বিভিন্ন গোত্ৰ বা বংশাৱলীৰ কমিটি আছে যদিও পাতিৰ বংশাৱলীৰ সামাজিক কাম-কাজ অন্যন্য আৰু সুকীয়া ৷ শিক্ষিত আৰু নিকা ভাৱমূৰ্ত্তি সম্পন্ন লোকেৰে গঠিত পাতিৰ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰতিবছৰে আগবঢ়াই আহিছে অৰুণাচল প্ৰদেশৰ প্ৰথম মুখ্য সচিৱ ৰজনীকান্ত পাতিৰৰ নামত মেধাৱী শিক্ষাৰ্থী বঁটা আৰু বঁটাৰ লগতে নগদ দুই লাখ টকাৰ ধন ৷ তদুপৰি হাতত লৈছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম বন কন্‌জাৰভেটৰ মহি মিৰি পাতিৰৰ নামত আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণৰ এক সুদূৰ প্ৰসাৰী প্ৰচেষ্টা ৷