আজি নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ জৰিয়তে ১৮ গৰাকী চকু ৰোগীক অস্ত্ৰোপচাৰৰ বাবে গুৱাহাটী মহানগৰীৰ শংকৰদেৱ নেত্ৰালয়লৈ প্ৰেৰণ কৰে৷উল্লেখ্য যে পূৰ্বতে উক্ত ক্লাবে কেইবাগৰাকীও চকু ৰোগীক অস্ত্ৰোপচাৰ কৰি আনি উপকৃত কৰিছে৷