চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত শিক্ষক দিৱস উদযাপনঃ আন আন প্ৰান্তৰ সমান্তৰাল ভাৱে ধেমাজি জিলাৰ চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগতো উলহ-মালহেৰে আজি শিক্ষক দিৱস উদযাপন কৰা হয় । ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণৰ প্ৰতিকৃৰ্তিত বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পন কৰাৰ পাছতেই বিভাগীয় প্ৰধান অনুপ চুতীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। য'ত বৰ্তমান অধ্যয়নৰত ছাত্র-ছাত্ৰী আৰু একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক সকলক ফুলাম গামোচা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় । সমান্তৰালভাৱে ছাত্র-ছাত্ৰী সকলে গীত মাত নৃত্য পৰিবেশন কৰি এক আনন্দ মুখৰ পৰিবেশ সৃষ্টি কৰে । আনহাতে শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু দৰ্শনৰ ওপৰতো ছাত্র-ছাত্ৰী আৰু শিক্ষক সকলে আলোকপাত কৰে । নিজৰ চমু ভাষণত শিক্ষক অনুপ চুতীয়া , নয়নমনি মহন্ত, উত্তম কুমাৰ চুতীয়া, অৰুণিমা ভূঞা, বৰ্ণালী চুতীয়া, কংকনা ভূঞায়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মনিকাঞ্চন সংযোগৰ যি পবিত্ৰতা চিৰদিন বৰ্তী থাকিব বুলি উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: चुनाव से पहले CAA लागू होने के ऐलान के बाद Asssam में प्रोटेस्ट का एलान | AASU
Breaking News: चुनाव से पहले CAA लागू होने के ऐलान के बाद Asssam में प्रोटेस्ट का एलान | AASU
ৰহাৰ স্বপ্নদ্ৰষ্টা হিৰন্যনাৰায়ন বৰা ৰ স্মৃতি ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান২১ মেত
অনুষ্ঠিত হব সৰ্বধৰ্মীয় প্ৰাৰ্থনা,স্মৃতিচাৰন সভা আৰু উন্মোচন হব স্মৰণিকা।
ৰহাৰ স্বপ্নদ্ৰষ্টা, বিশিষ্ট শিক্ষাবিদ,অভিনেতা,সুবক্তা হিৰন্যনাৰায়ন বৰা ৰ স্মৃতি ত অহা ২১মে তাৰিখে...
અમદાવાદન-વસ્ત્રાપુર વિસ્તારમાં દારૂની મહેફિલ માણતા 4 મહિલાઓ સહિત 12લોકો ઝડપાયા.#gujarat_geeta_news_
અમદાવાદન-વસ્ત્રાપુર વિસ્તારમાં દારૂની મહેફિલ માણતા 4 મહિલાઓ સહિત...
ಬೆಂಗಳೂರಿನಲ್ಲಿ ಆಗಸ್ಟ್ 3ರಂದು ಬಸವೇಶ್ವರ ಖಾನಾವಳಿಯ '60ನೇ ವರ್ಷದ ವಾರ್ಷಿಕೋತ್ಸವ' ಆಯೋಜಿಸಲಾಗಿದೆ.
ಬೆಂಗಳೂರಿನಲ್ಲಿ ಆಗಸ್ಟ್ 3ರಂದು ಬಸವೇಶ್ವರ ಖಾನಾವಳಿಯ '60ನೇ ವರ್ಷದ ವಾರ್ಷಿಕೋತ್ಸವ' ಆಯೋಜಿಸಲಾಗಿದೆ.