ৰাজ্যত সংঘটিত কৰা ভুৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক প্ৰতিটো এনকাউণ্টাৰৰ ঘটনাৰ বিতং তদন্তৰ প্ৰতিবেদন অহা ছয়সপ্তাহৰ ভিতৰত দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। 

ৰাজহুৱা স্বাৰ্থজড়িত আবেদন শুনানি লৈ এই নিৰ্দেশ প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী আবেদনকাৰীৰ হৈ উচ্চ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি অসমত এনকাউণ্টাৰ নাইবা ভুৱা সংঘৰ্ষৰ ক্ষেত্ৰত আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ে প্ৰস্তুত কৰা কোনো নীত-নিৰ্দেশনা অনুসৰণ কৰা নাই।

প্ৰশান্ত ভূষণে লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি অসমত কোনো এটা ভুৱা এনকাউণ্টাৰৰে নিৰপেক্ষ তদন্ত হোৱা নাই।

ইফালে ৰাজ্য চৰকাৰৰ হৈ এই ক্ষেতৰত যুক্তি দৰ্শাই মহাধিবক্তা দেৱজিত শইকীয়াই।

উচ্চ ন্যায়ালয়ে দুয়ো পক্ষৰ যুক্তি শুনাৰ পিছত অসম চৰকাৰক প্ৰতিটো এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ বিতং প্ৰতিবেদন অহা ছসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।