এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় ৱৰ্কশ্বপ শাখাৰ বাৰ্ষিক অধিবেশন আজি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি পুৱা ৯-০০ বজাত ইউনিয়নৰ পতাকা উত্তোলন কৰে শাখা সভাপতি হৰিশ দাসে। ইয়াৰ পিচতে শাখা সভাপতি হৰিশ দাসৰ সভাপতিত্ব প্ৰতিনিধি সভা অনুষ্ঠিত হয় । প্ৰতিনিধি সভাত বিগত বৰ্ষৰ প্ৰতিবেদন দাখিল কৰে ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ শিল্প আৰু সম্পদ সমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা হঠকাৰী নীতিৰ লগতে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতি সমূহৰ উপৰিও নতুন পেঞ্চন নীতি বাতিল কৰি পুৰনি পেন্সন বাহাল কৰা আদি বহু বিষয় লৈ সৰব চৰ্চা হয় । আজিৰ এই অধিবেশনত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা মুখ্য অতিথি ৰূপে যুটীয়া সাধাৰণ সম্পাদক উত্তম ভট্টাচাৰ্য, সহকাৰী সাধাৰণ সম্পাদক নৰেশ্বৰ বৰ্মন আৰু পুলক গগৈ, সাংগঠনিক সম্পাদক কল্লোল দেৱ শৰ্মা,উপ সভাপতি দিবাকৰ বৰুৱা তথা তিনিচুকীয়া ডিভিজনৰ কনভেনৰ পৰেশ হাজৰিকা সহ ফৰকাটিং, মৰিয়নি, শিমলুগুৰি,লিডু, তিনিচুকীয়া শাখাৰ শাখা সম্পাদক সকলো উপস্থিত থাকে। দুই শতাধিক প্ৰতিনিধি উপস্থিত থকা সভাত কেন্দ্ৰীয় নেতা সকলে ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসঙ্গত নেতা সকলে অনাগত দিনত ৰে'ল শ্ৰমিক সকলৰ ন্যায্য প্ৰাপ্য আদায়ৰ সংগ্ৰাম খন বলিষ্ঠ ৰূপত আগুৱাই নিবৰ বাবে আহৱান জনায়। সভাৰ শেষত পুৰণি কমিটি ভঙ্গ কৰি হৰিশ দাসক সভাপতি, নিৰ্মল দাসক সম্পাদক আৰু দিলিপ সাহাক কোষাধক্ষ্য ৰূপে লৈ তেৰ জনীয়া নতুন কমিটি গঠন কৰা হয়।