ৰাজহুৱা স্থানত লগাবলৈ বুলি প্ৰদান কৰা সৌৰ চাকি শাক পাচলি বাৰী আৰু গৰুৰ গোহালিত পোহৰাবলৈ কোনে লগালে?

বিজেপি নেতাৰ আজৱ কাণ্ড। 

ৰাজহুৱা স্থানৰ ষ্ট্ৰীট লাইট নেতাই জলাইছে নিজৰ শাক পাচলি বাৰীত।

 তিনিচুকীয়া জিলাৰ ফিল'বাৰী গাভৰুভেটি গাঁও পঞ্চায়তত সংঘটিত হৈছে আজৱ কাণ্ড। বহু বিতৰ্কিত বিজেপি নেতা তথা কাক'পথাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য শ্যাম বাবু সিং নামৰ নেতাজনে নিজ ৫ নম্বৰ ৱাৰ্ডৰ ৰাজহুৱা স্থানলৈ অহা ষ্ট্ৰীট লাইট ঘৰৰ পিছফালৰ শাক পাচলি বাৰীত লগাই থোৱা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে। বিগত কেইবাটাও দিন বাৰীত ক্ষমতাৰ অপ-প্ৰয়োপ কৰি ষ্ট্ৰীট লাইটকে ধৰি বিভিন্ন ৰাজহুৱা সম্পত্তি ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰাত অঞ্চলটোৰ ৰাইজৰ লগতে স্থানীয় দল সংগঠন সমূহ কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপি নেতা গৰাকীৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে।শূণ্য সহনশীলতা আৰু দূৰ্নীতিমুক্ত অসমৰ কথা কোৱা বিজেপি দলৰেই এইজন নেতাই মাতৃ কশল্যা দেবী আৰু নিজৰ নামত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ দুটাকৈ ঘৰো নিৰ্মাণ কৰাৰ লগতে নিজৰ পৰিয়ালৰ ১৫ বিঘা চাহ বাগিচা থকা লোককো প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়া বুলি অভিযোগ উত্থাপন হৈছে। বৃহত্তৰ ফিল'বাৰী অঞ্চলটোতে জিলা পৰিষদ বা গাভৰুভেটি গাঁও পঞ্চায়তৰ তৰফৰ পৰা লগোৱা ষ্ট্ৰীট লাইটসমূহ বিকল হৈ থকা সময়তে কাউন্সিলৰ তথা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাৰীত ষ্ট্ৰীটলাইত জ্বলি থকাটোৱে সকলোকে আমোদ দিয়াৰ লগতে পঞ্চায়তখনৰ দূ্ৰ্নীতিৰ স্বৰূপটো ৰাইজৰ আগত উদঙাই দিছে।