সোপাধৰাৰ সন্দেহত দিখৌমুখ তেলিয়াডুঙাত গণপ্ৰহাৰ কাণ্ডত জড়িত দুজনক আটক কৰে গৌৰীসাগৰ আৰক্ষীয়ে

শিৱসাগৰৰ গৌৰীসাগৰ আৰক্ষীয়ে বিগত নিশা অমল নেওগ ঘৰ নামদাং শিলৰ সাঁকো সমীপত আৰু মানিক টাই ঘৰ দিখৌমুখ তেলিয়াডুঙাৰ পৰা আটক কৰে । বিগত মঙলবাৰে নিশা সোপাধৰাৰ সন্দেহত সুনীল কুমাৰ ঘৰ বিহাৰৰ ডৰভংগাৰ এজন মানসিক ৰোগীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল । এই ঘটনাৰে জড়িত দ্বয় অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩২৫/৫০৬/৩৫৩ ৰ অধীনত আটক কৰা হয় । গণপ্ৰহাৰত আহত হোৱা সুনীল কুমাৰক বিগত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । মানসিক ৰোগত আক্ৰান্ত বিহাৰৰ ডৰভংগাৰ সুনীল কুমাৰক এতিয়া পৰিয়ালৰ হাতত চমজাই দিছে অসম আৰক্ষীয়ে ।