চৰাইদেউ জিলাত কংগ্ৰেছ কৰ্মীয়ে হুৰা হুৰে এৰিছে দল

বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা দলত যোগদান কৰিলে বহু কেইজন কংগ্ৰেছীয়ে

সোণাৰি বিধান সভা সমষ্টিৰ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লুখুৰাখন ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিজেপি দলৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। চফ্ৰাই মণ্ডলৰ সভাপতি অৰ্জুন চেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আঁত ধৰে চৰাইদেউ জিলা যুৱ মৰ্চাৰ উপ-সভাপতি হেমেন গগৈয়ে। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজ্যিক বিজেপিৰ সদস্য কাজল দে'ই। প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিতিত অনুষ্ঠিত সভাখনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ, ৰাজ্যিক সদস্য দিলিপ কোঁৱৰ, জিলা পৰিষদৰ সদস্য ৰাজনায়ক, বড়ো কছাৰী অটোনমাচ কাউন্সিলৰ কাৰ্যবাহী সদস্য বিনোদ বসুমতাৰী, জিলা উপ-সভাপতি ৰজকমল মহনকে প্ৰমূখ্য কৰি বহু কেইজন জ্যেষ্ঠ দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। উক্ত সভাত বহু কেইজন স্থানীয় সমাজকৰ্মী আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। কংগ্ৰেছ দলৰ নেতা সাপেখাতী ব্লক কংগ্ৰেছৰ উপ-সভাপতি গুনাভী গগৈ, সদস্য অনিল গগৈ, চৰাইদেউ জিলা কংগ্ৰেছৰ সেৱা দলৰ প্ৰাক্তন মুখ্য সংগঠক ক্ষীৰেশ্বৰ আৰন্ধৰাই আজি বিজেপি দলত যোগদান কৰে।