ত্ৰয়োদশ ৰাষ্ট্ৰীয় থাই বক্সিঙ প্ৰতিযোগিতাত গোলাঘাটৰ সৃষ্টি সমৰ কলাকেন্দ্ৰৰ খেলুৱৈৰ সাফল্য:-

সদ্যসমাপ্ত ত্ৰয়োদশ ৰাষ্ট্ৰীয় থাই বক্সিং চেম্পিয়নশ্বিপত গোলাঘাট ১ নং শেনছোৱাৰ সৃষ্টি সমৰ কলা কেন্দ্ৰৰ খেলুৱৈৰ দলে সফলতা আজুৰি আনিবলৈ‌ সক্ষম হৈছে ।

পঞ্জাৱৰ অমৃতসৰৰ গুৰুনানক বিশ্ববিদ্যালয় ষ্টেডিয়ামত ২৬, ২৭ আৰু ২৮ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ত্ৰয়োদশ ৰাষ্ট্ৰীয় থাই বক্সিং প্ৰতিযোগিতাত গোলাঘাটৰ এই দলটোৱে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি প্ৰশিক্ষক ৰূপম হাজৰিকাৰ তত্বাৱধানত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি তিনিটা শাখাত মুঠ ৮ টা পদকেৰে লাভ কৰিবলৈ‌ সক্ষম হয় । দলটোৰ প্ৰতিযোগিসকলে চাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অংশগ্ৰহণ কৰি ২টা ৰূপৰ আৰু ৬ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । তাৰ ভিতৰত চাব জুনিয়ৰ শাখাত আধাৰসত্ৰৰ অৰ্পিতা শইকীয়াই ৰূপ