ডিব্ৰুগড় জিলাৰ টিংখাং  বিধানসভা সমষ্টিৰ বামুনবাৰী তিনি আলিত আজি মূল্যবৃদ্ধি ৰোধকৰা গাৱে গাৱে ধান ক্ৰয় কৰা কেন্দ্ৰ স্থাপন কৰা। নুন্যতম নিৰিখত কেচাচাহপাত ৰ মূল্য নিৰ্দ্ধাৰণ কৰা চৰকাৰী  বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষাপ্ৰদানৰ কেবিনেট সিদ্ধান্ত।বাতিল কৰাৰ দাবীত। কৃষকমুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে । অতিশীঘ্ৰে দাবী সমূহ ৰূপায়ন নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী হাতত লোৱাৰ হুংকাৰ  প্ৰদান কৰে।উল্লেখযোগ্য  যেডঃহিমন্তবিশ্ব চৰকাৰে উন্নয়নৰ কথা কৈআহিছে যদিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰনত সম্পূৰ্ণ ব্যৰ্থ হৈছে।