সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উদযাপন অভিৰুচি ক্ৰীড়া দিৱস আজি ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস । ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জন কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন । মহান ক্ৰীড়াবিদ গৰাকীলৈ সন্মান প্ৰদৰ্শন কৰি ৩ ছেপ্টেম্বৰৰ দিনটো প্ৰতিবছৰে ৰাজ্যজুৰি অভিৰুচ ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় । আজি শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাবৰ উদ্যোগত শিৱসাগৰত উদযাপন কৰা ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি জীৱন্ত কিংবদন্তি অৰ্জুন ভোগেশ্বৰ বৰুৱাই কেক কাটি উদযাপন কৰে নিজৰ ৮৬ সংখ্যক জন্মদিন । উল্লেখ্য যে, নিজৰ জন্মদিন উপলক্ষ্যে উদযাপিত ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অৰ্জুন গৰাকীয়ে ৰাজ্যৰ ক্ৰীড়া নীতি সম্পৰ্কে মন্তব্য আগবঢ়োৱাৰ লগতে ডাইৰেক্টৰ অৱ স্পৰ্চক ক্ৰীড়াৰ প্ৰকৃত উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ জনালে আহ্বান ।