মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত আজি সোণাৰিৰ ৩০১ গৰাকী লোকলৈ সহায়ৰ হাত আগবঢ়ালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বিভিন্ন জটিল ৰোগত আক্ৰান্ত লোকসকলক সহায়ৰ বাবে চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্যৰ চেক সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে বিধায়ক গৰাকীয়ে। সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, উপ পৌৰপতি স্বাক্ষৰজ্যোতি গগৈ, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰা এখন সভাত বিতৰণ কৰা হয় মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক সমূহ।