যোৱা ১২ ছেপ্তেম্বৰত পৰলোকপ্ৰাপ্তি ঘটা চিলাপথাৰৰ বিশিষ্ট লেখিকা, কবি, অধ্যাপিকা ড০ প্ৰেমলতা শৰ্মা চিলাপথাৰ অঞ্চলৰ বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ সামান্তৰালকৈ চিলাপথাৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সাৰথি ৰ প্ৰতিষ্ঠা কালৰ এগৰাকী অন্যতম উপদেষ্টা আছিল । সাৰথি ৰ প্ৰতিটো কাৰ্যসূচীতে সহায় সহযোগিতা আগবঢ়়োৱাৰ লগতে দিহা পৰামৰ্শৰে জীপাল কৰি ৰখাৰ স্মৃতিৰ কথা আজি সাংবাদিকৰ আগত প্ৰকাশ কৰি অনুষ্ঠানটিৰ মুখ্য সচিব মনোজ দাসে কয় - আমি সাৰথি পৰিয়ালে এগৰাকী অভিভাৱক ক মাজবাটতে হেৰুৱালো । যাৰ কাৰণে সাৰথি প্ৰতিষ্ঠা কৰিবলৈ সাহস পাইছিলো সেই সকলৰ ভিতৰত অন্যতম এগৰাকী আছিল প্ৰেমলতা শৰ্মা বাইদেউ । আমি সাৰথি পৰিয়ালে চিৰদিন প্ৰেমলতা বাইদেউক আমাৰ মাজত জীয়াই ৰাখিম । উল্লেখযোগ্য , ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত যোৱা ১২ ছেপ্তেম্বৰৰ নিশা শেষ নিশ্বাস ত্যাগ কৰিছিল ড০ প্ৰেমলতা শৰ্মাই। চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহাকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত প্ৰয়াত প্ৰেমলতা শৰ্মাই মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে সহপাঠী আৰু শিক্ষক - শিক্ষয়িত্ৰীসকলক লৈ ৰেঙণি সাহিত্য চ'ৰা প্ৰতিষ্ঠা কৰি চিলাপথাৰৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনক সাৰুৱা কৰি ৰাখিছিল । আনহাতে চিলাপথাৰৰ লগতে চিমেন চাপৰিৰ অঞ্চলটোত সাহিত্য- সংস্কৃতিৰ লগতে সামাজিক ক্ষেত্ৰখনৰ বহু অনুষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত আছিল সৰবৰহী মহিলাগৰাকীৰ । উল্লেখযোগ্য যে, সাৰথি পৰিয়ালৰ সমূহ বিষয়-ববীয়াই তেখেতৰ ১৪ ছেপ্তেম্বৰৰ তিলানীৰ দিনা প্ৰতিচ্ছবিত পুস্পমাল্য অৰ্পনেৰে মমবাটি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Instagram पर जल्द मिलेगा ये नया धांसू फीचर, एक क्लिक से छोटे ग्रुप में शेयर कर सकेंगे इंस्टा स्टोरी
Instagram Stories New Feature इंस्टाग्राम के प्रमुख एडम मोसेरी ने ऐप के चैनल के जरिए नए फीचर की...
WC में AUS के ख़िलाफ़ मुक़ाबले से पहले Shubman Gill की तबियत बिगड़ी, अब कौन करेगा Open ?|Sports LIVE
WC में AUS के ख़िलाफ़ मुक़ाबले से पहले Shubman Gill की तबियत बिगड़ी, अब कौन करेगा Open ?|Sports LIVE