পথ নে পুখুৰী ধৰিবকে নোৱাৰি। ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খোৱাইছে জনসাধাৰণক। কাৱৈমাৰী আৰু শিঙিমাৰী সংযোগী গড়কাপ্তানী বিভাগৰ পকী পথটোত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাত। বছৰৰ পিছত বছৰ ধৰি মেৰামতিৰ অভাৱত জহি-খহি যোৱা এই পথটোত প্ৰায়েই সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনা,আহত হৈছে বহুজন। তথাপিও কাণষাৰ নাই স্থানীয় বিধায়ক,গড়কাপ্তানী বিভাগৰ।