তেজপুৰৰ দ'বেছেৰীয়া কলিতা গাঁৱত এগৰাকী ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক কেন্ম্ৰ কৰি উত্তপ্ত পৰিস্হিতিৰ উদ্ভৱ হৈছিল ৷ ৫ মাহৰ পূৰ্বে হুগ্ৰাজুলি পাঁচনৈৰ পৰা বিয়া পাতি অনা বৰষা দেৱীয়ে শনিবাৰে নিজ স্বামীগৃহত চিপ লৈ আত্মহত্যা কৰিছিল৷ এই ঘটনাক সহজভাৱে মানি ল'ব পৰা নাছিল বৰষাৰ মাতৃগৃহৰ লগতে আত্মীয় তথা গাঁওবাসী৷ দেওবাৰে মৰোনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বৰষাৰ মৃতদেহ লৈ স্বামীগৃহৰ চোতালতে দাহন কৰিবলৈ উদ্যত হোৱাৰ লগতে বৰষাৰ হত্যাৰে জড়িতক উচিত শাস্তি প্ৰদানৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল৷ পিছত ঘটনাস্থলীত শোণিতপুৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কাৰ্যবাহী দণ্ডাধীশৰ উপস্হিতিত পৰিস্হিতি নিয়ন্ত্ৰণলৈ আহে আৰু অভিযুক্ত স্বামী উৎপল নাথৰ লগতে শহুৰ মহেন্দ্ৰ নাথ আৰু শাহু প্ৰভা দেৱীক তদন্তৰ খাতিৰত আটক কৰিছিল আৰক্ষীয়ে৷

ইফালে, বৰষাই আত্মহত্যা কৰাৰ বিপৰীতে হত্যা কৰাৰ অভিযোগ তুলি প্ৰদান কৰা এজাহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৪ ধাৰাৰ অধীনত ৭৮০/২০২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰে৷

আজি এই গোচৰত অভিযুক্ত স্বামী আৰু শহুৰ-শাহুৱেকক তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে হাজিৰ কৰায় আৰু দীৰ্ঘদিনে বৰষাৰ ওপৰত চলোৱা শাৰীৰিক-মানসিক তথা যৌতুকজনিত নিৰ্যাতনৰ যি অভিযোগ তুলি হত্যা কৰা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল, তাৰ ওপৰত ভিত্তি কৰি আদালতে তিনিওকে দোষী সাব্যস্ত কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে৷

আনহাতে, পত্নী হত্যাৰ গোচৰত অভিযুক্ত উৎপল নাথক আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে তেওঁ এই ঘটনাৰে কোনো কাৰণতে জড়িত নহয় বুলি দাবী কৰিছে ।

অৱশ্যে কোন সঁচা, কোন মিছা সেয়া আৰক্ষীৰ উপযুক্ত তদন্ততহে পিছত পোহৰলৈ আহিব৷ 

কিন্তু প্ৰশ্ন হয় - যুগ্ম জীৱনৰ পাতনি মেলা বৰষাৰ গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই কিয় আত্মহননৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বৰষা ই ??