দৰঙত বিশ্ব জনসংখ্যা দিৱস উদযাপন আৰু জনসংখ্যা পষেকৰ শুভ উদ্বোধনী অনুষ্ঠান*

মঙলদৈ,১১ জুলাই':ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো আয়োজন কৰা হয় বিশ্ব জনসংখ্যা দিৱসৰ কাৰ্য্যসূচী। লগতে বিশ্ব জনসংখ্যা পষেকৰ কাৰ্য্যসূচীৰ শুভ উদ্ধোধনো কৰা হয়।এই দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত আজি খাৰুপেটিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজন কৰা শুভ উদ্বোধনী অনুষ্ঠানৰ। এই পষেকজোৰা কাৰ্য্যসূচী উদ্ধোধন কৰি দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে পৰিয়াল পৰিকল্পনাৰ পদ্ধতি গ্ৰহণ কৰি নিজৰ লগতে পৰিয়ালৰ সমৃদ্ধিত সহায় কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।অনুষ্ঠানত অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক নয়না পৰাশৰ আৰু জিলা পৰিয়াল পৰিকল্পনা সমন্নয়ক হিমাংশু বৰুৱাই ভাষণ ৰখাৰ লগতে জিলা মাধ্যম বিশেষজ্ঞ জাহ্নবী শৰ্মা আৰু জিলা সামূহিক সংগঠক মল্লিকা দেৱী উপস্থিত থাকে। খাৰুপেটিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ আব্দুল জেলিলে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত খণ্ড পৰ্যায়ৰ বিষয়া কৰ্মচাৰী, স্বাস্থ্য কৰ্মীকে ধৰি অৰ্ধ শতাধিক লোকে অংশ গ্ৰহন কৰে 

উল্লেখ্য যে এই বিশ্ব জনসংখ্যা পষেকৰ কাৰ্য্যসূচী আজিৰ পৰা ২৪ জুলাইলৈ চলিব।