জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত সময়ত নাথাকে এজনো কৰ্মচাৰী।

 চৰকাৰী কাৰ্যালয়ত উপস্থিত হৈ ক্ষোভিত ফাটি পৰিছে বিধায়ক পৰমানন্দ ৰাজবংশী। নিৰ্ধাৰিত সময় অতিক্ৰম কৰাৰ পিছতো কাৰ্যালয়টোত উপস্থিত হোৱা নাই এজনো বিষয়া কৰ্মচাৰী।

 আনকি কাৰ্যালয়টোৰ পদূলিত তলা ওলমাই ৰখা দেখি উচ্চ পদস্থ বিষয়ালৈ ফোন কৰি উক্ত কৰ্মচাৰী সকলক বদলিৰ নিৰ্দেশ দিয়ে বিধায়ক গৰাকীয়ে।

 জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তাৰ ছিপাঝাৰস্থ কাৰ্যালয়ত এইদৰে বহু সময়লৈকে জ্বলি থাকিল বিজুলী বাল্ব সমূহ।