হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত সাত নং ৱাৰ্ডৰ জায়দুল ইছলাম নামৰ এজন যুৱকক আৰক্ষীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত কৰায়ত্ব কৰে ৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বাতৰি অনুসৰি কালি সন্ধিয়া ডবকাৰ বাইপাছত 

হোজাই জিলা পৰিবহন বিভাগৰ বিষয়া সকলে এখন অভাৰলোডেড বালি ভৰ্তি ডাম্পাৰ ধৰিছিল ৷ পাছত ডাম্পাৰখনে অতি কৌশলেৰে পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সন্মুখতে বালি পেলাই দি তাৰ পৰা পলায়ন কৰে ৷ পাছত তাত উপস্থিত থকা পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীক জবাবদিহী কৰে ৷ কিন্তু এই ঘটনাৰ ভিডিঅ প্ৰস্তুত কৰি ডবকা চহৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা জায়দুল ইছলাম নামৰ যুৱকজনে সামাজিক মাধ্যমত ডবকা আৰক্ষীৰ বিৰুদ্ধে অসাংবিধানিক শব্দ প্ৰয়োগ কৰি অপপ্ৰচাৰ চলাইছিল ৷ ইয়াৰ পাছতেই সামাজিক মাধ্যমতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ সকলোৱে যুৱকজনৰ দৃস্তান্তমূলক শাস্তিৰ দাবী কৰি সামাজিক মাধ্যমত মন্তব্য প্ৰদান কৰিছিল ৷ তাৰ পাছতে আৰক্ষীয়ে অতি ততপৰতাৰে যুৱকজনক নিজ গৃহৰ পৰা কৰায়ত্ব কৰে ৷ সম্প্ৰতি যুৱকজনক ডবকা আৰক্ষী থানাতেই সোধপোচ অৱ্যাহত ৰাখিছে ৷