৫ ছেপ্টেম্বৰত চিচিবৰগাঁও মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ "প্ৰাক্তন ছাত্র-ছাত্ৰী সমাৰোহঃ

ধেমাজি জিলাৰ বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ খনি অহা ৫ ছেপ্টেম্বত দিনজোৰা কায্যক্ৰমনীকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বুলি সমাৰোহ খনিৰ সভাপতি তথা দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ শইকীয়া আৰু সাধাৰণ সম্পাদক দুদুল কুমাৰ চুতীয়াই জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, গুৰু - শিষ্য আৰু বর্তমান প্রাক্তন ছাত্র ছাত্রী সকলৰ মাজত থকা একতাৰ এনাজৰী ডাল চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে অহা ৫ চেপ্তেম্বৰ তাৰিখ সোমবাৰে শিক্ষক দিৱসৰ পবিত্ৰ দিনটোতেই মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত প্রথম বার্ষিক দর্শন বিভাগৰ প্ৰাক্তন ছাত্র ছাত্রী সমাৰোহখনি অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ।পুৱাৰ পৰা দিনজোৰা কায্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই সমাৰোহ খনিত ধেমাজিৰ অষ্ট্ৰিয়ানা দিহীঙীয়াই গীত মাত পৰিবেশন কৰিব।