অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া বিশেষ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ লগত সংগতি ৰাখি আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় তিনিচুকীয়াৰ সমীপৱৰ্তী আশাগৃহৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) দিপু কুমাৰ ডেকাৰ সভাপতিত্বত জিলা টাস্ক ফ'ৰ্চৰ এখন সভা অনুষ্ঠিত হয়।

সভাত বিশ্ব স্বাস্থ্য সন্থাৰ তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডা:  নগেন শৰ্মায়ে পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ জৰিয়তে এই অভিযানৰ বিতং ব্যাখ্যা আগবঢ়াই কয় যে বিশ্বৰ কেতবোৰ ঠাইত পলিঅ' ৰোগী পুনৰ চিনাক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে তিনিচুকীয়াকে ধৰি অসমৰ ১৯ খন জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস (Sub-National Immunization Day) ৰূপায়ন কৰাৰ নিৰ্দেশ  প্ৰদান কৰে।  

সেই অনুসৰি সমাজ কল্যাণ, শিক্ষা, পৰিবহন, আদি বিভিন্ন বিভাগৰ সহযোগত তিনিচুকীয়া  জিলাৰো প্ৰতিটো স্বাস্থ্যখণ্ডৰ অধীনত পলিঅ' প্ৰতিষেধক অভিযান চলোৱাৰ লক্ষ্য হাতত লোৱা হৈছে বুলিও জ্যেষ্ঠ চিকিৎসকজনে উল্লেখ কৰে।

এই অভিযানৰ অধীনত তিনিচুকীয়া জিলাৰ দুই লাখৰো অধিক শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱা হ'ব ।

ভাৰতক সম্পূৰ্ণৰূপে এখন পলিঅ' মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰত  চৰকাৰে এটিও শিশু যাতে পলিঅ' প্ৰতিষেধক লাভৰ পৰা বাদ নপৰে তাৰ বাবে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ অধীনত স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ তথা  বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানত শিশুসকলক পলিঅ'ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা হাতত লব।

সভাত স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাই সমগ্ৰ তিনিচুকীয়া জিলাত  এই অভিযান সাফল্যমণ্ডিত কৰিবৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

অতিৰিক্ত উপায়ুক্তগৰাকীয়ে  অভিভাৱকসকলক বিনাদ্বিধাই নিজৰ সন্তানক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

সভাত তিনিচুকীয়া জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ ৰমেন সোনোৱালে কয় যে, জিলাখনক পলিঅ'মুক্ত কৰিবৰ বাবে প্ৰতিষেধক প্ৰদান, উপযুক্ত  নিৰিক্ষণ আৰু চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব ।

তেওঁ এই অভিযানৰ সময়ত যাতে এটাও শিশু পলিঅ' প্ৰতিষেধক লোৱাৰ পৰা বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীসকলক আহ্বান জনায় ।

আজিৰ সভাত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া তথা সহকাৰী আয়ুক্ত নিলুৰাম শৰ্মা, জিলা টীকাকৰণ বিষয়া ডাঃ এন.কে বৰা, স্বাস্থ্য বিভাগৰ  বিষয়া তথা স্বাস্থ্যকৰ্মীসকল আৰু  জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া  তথা প্ৰতিনিধিসকল উপস্থিত থাকে।