মাজুলীত আছুৰ তীব্ৰ প্ৰতিবাদ : মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাবস্ত্য মাজুলী জিলা আছুৰ
মাজুলীত আছুৰ তীব্ৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ ওপৰত তীব্ৰ প্ৰতিবাদ সাবস্ত্য কৰে মাজুলী জিলা ছাত্ৰ সন্থাই।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰ’ল, ডিজেল আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু অসম চৰকাৰে সম্পত্তিৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়াৰ প্ৰতিবাদত আজি কমলাবাৰীত "বিক্ষোভ কাৰ্যসূচী " ৰূপায়ণ কৰে৷ বিশেষকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল, ডিজিল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মুল্যবৃদ্ধিয়ে জনসাধাৰণক জ্বলা-কলা খুৱাইছে৷ ইয়াৰ সমান্তৰালভাৱে সম্পত্তিৰ ওপৰত লগোৱা অত্যাধিক কৰে ৰাইজক বাৰুকৈয়ে হাৰাশাস্তি কৰিছে৷ এই মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ কাৰ্য সূচী ৰূপায়ণ কৰি অসম চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায় শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷