পুৱাই ৰাজপথত মন্ত্ৰী যোগেন মহনে দিলে দৌৰ । কিন্তু কিয়? চাওঁক এই ভিডিঅ

৩ চেপ্তেম্বৰ অৰ্থাৎ অভিৰুচী দিৱস । অৰ্জুন বটা বিজয়ী প্ৰথম অসমীয়া খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে সমগ্র অসমতে অভিৰুচী দিৱস কৰিছে পালন  । সমান্তৰালকৈ মৰাণহাট ক্ৰীড়া সন্থাই অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে মৰাণত আয়োজন কৰে  সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ  প্ৰাইজমণি মাৰাথন প্ৰতিযোগিতা । ডবা চাৰি আলিৰ পৰা লৰা আৰু চেপনৰ পৰা ছোৱালীৰ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে মন্ত্ৰী তথা মৰাণহাট ক্ৰীড়া সন্থাৰ সভাপতি যোগেন মহনে। এই মাৰাথন প্ৰতিযোগিতাৰ অন্ত পৰে মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত। এই অভিৰুচি ক্ৰীড়া দিৱস বিভিন্ন প্ৰতিযোগিতাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব। সদৌ অসম ভিত্তিত হোৱা এই মাৰাথন প্ৰতিযোগিতাত লৰাৰ প্ৰথম মৰিগাঁওৰ সূৰ্য্য দাস ক্ৰমিক নং 107, দ্বিতীয় মাজুলীৰ সঞ্জিৱ দলে ক্ৰমিক নং 194, তৃতীয় বিশ্বনাথৰ দিগন্ত হাৰিয়া আৰু ছোৱালীৰ প্ৰথম ধেমাজিৰ ৰেখামণি শইকীয়া ক্ৰমিক নং 40, দ্বিতীয় চৰাইদেউৰ ৰূপালী মুণ্ডা ক্ৰমিক নং 17, তৃতীয় চৰাইদেউৰ চাবিনা কুমাৰী ক্ৰমিক নং 48।