সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক 'ৰাইজৰ বন্ধু' বঁটা প্ৰদান।

আহোম জাতীয় গণ মঞ্চই "ৰাইজৰ বন্ধু" বঁটা প্ৰদান কৰিলে সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক।

ডামচাও অশোক গগৈ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা আহোম জাতীয় গণমঞ্চ,অসমৰ দশম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হয় এই বঁটা।

এদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হোৱা আহোম জাতীয় গণমঞ্চৰ দশম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত “ৰাইজৰ বন্ধু” বঁটা প্ৰদান কৰে বিধায়কগৰাকীক ৷

ঐতিহাসিক ৰংঘৰ বাকৰিত আজি অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত অসম চৰকাৰৰ ছাত্ৰ তথা যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীৰ্তাথ গোস্বামী,চৰাইদেউ জিলা পৰিষদৰ উপ-সভাপতি দিগন্ত ৰাজকোঁৱৰ লগতে বিশিষ্ট ব্যক্তিসকল ও আহোম গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল ৷