মঙলদৈৰ ব্লাড বেংকত নতুনকৈ অত্যাধুনিক মেচিনৰ শুভাৰম্ভণি।

শুভাৰম্ভণি কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই।

ৰাজ্যখনৰ নলবাৰী, নগাঁও, লক্ষীমপুৰ আৰু দৰং জিলাত আজিৰে পৰা ৰক্তভৰালত ৰক্ত পৃথকিকৰণৰ অত্যাধুনিক কোষ স্থাপন কৰা হয়। এই ৰক্ত পৃথকিকৰণৰ দ্বাৰা ভিন ভিন ৰোগৰ উন্নত চিকিৎসা সম্ভৱ হ'ব।

ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভৰালে জিলা খনৰ লগতে চুবুৰীয়া জিলাৰো ৰুগীক উপকৃত কৰি আহিছে ,এতিয়াৰে পৰা এই ৰক্ত পৃথকিকৰণে পদ্ধতিয়ে আৰু ৰুগীক উপকৃত কৰিব বুলি সংসদ দিলীপ শইকীয়াই কয়।