গুজৰাটত অনুষ্ঠিত হ'বলগীয়া নেচনেল গেমছত পদক লাভ কৰা খেলুৱৈক অসম চৰকাৰে প্ৰদান কৰিব চাকৰি। আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। 

সেইমৰ্মে গুজৰাটত অনুষ্ঠিত হ'বলগীয়া নেচনেল গেমছত সো, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈক অসম চৰকাৰে প্ৰদান কৰিব চাকৰি। শিক্ষাগত অৰ্হতা অনুসৰি নিযুক্তি দিব চাকৰিত। লগতে অসম চৰকাৰে চৰকাৰী চাকৰিত খেলুৱৈৰ বাবে পদ সংৰক্ষিত ৰাখিব বুলিও ঘোষণা কৰে। খেলক যাতে কেৰিয়াৰ ৰূপে লৈ অসমৰ খেলুৱৈ আগবাঢ়িব পাৰে তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে।