অসমৰ মাটিত একাংশ অৰুনাচলী লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে বিধায়ক অমিয় কুমাৰ ভূঞাই প্ৰদান কৰিছে কঠোৰ সকীয়নি ৷ অসম অৰুনাচল সীমান্তৱৰ্তী দ্ৰোপাংত এপষেক পূৰ্ৱে একাংশ অৰুনাচলী লোকে অসমৰ মাটি বেদখল কৰি বৃহৎ বৃহৎ পুখুৰী নিৰ্মাণ কৰিছিল ৷ স্থানীয় ৰাইজৰ সাহস আৰু প্ৰতিবাদত স্থানীয় প্ৰশাসন আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেদখলকাৰীৰ কাৰ্য বন্ধ কৰাৰ পাছত আজি বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আৰক্ষী প্ৰশাসন ,পঞ্চায়ত প্ৰতিনিধিৰ লগতে শতাধিক দলীয় কাৰ্যকৰ্তাক লগত লৈ অঞ্চলটো পৰ্যবেক্ষণ কৰে ৷ বিধায়কগৰাকীয়ে অৰুনাচলী আগ্ৰাসন দেখি সংবাদ মাধ্যমৰ জৰিয়তে বেদখলকাৰীক কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে আগন্তুক দিনত কোনো অৰুনাচলী লোকে যাতে অসমৰ ভুমি বেদখলৰ চেষ্টা নকৰে ৷ এনে দুষ্কাৰ্যৰ পুনৰাবৃত্তি হ’লে স্থানীয় ৰাইজ কেতিয়াও হাত সাবতি বহি নাথাকে বুলি জানিবলৈ দিয়ে ৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই আগন্তুক দিনত সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে ৷ সীমান্তৱৰ্তী অঞ্চলত উন্নয়ণ সাধন কৰাতো গুৰুত্ব প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જો તમને કોઈ પોલીસ અધિકારી- જવાન ઓળખે છે તો તેમને આ વીડિયો શેર કરજો
જો તમને કોઈ પોલીસ અધિકારી- જવાન ઓળખે છે તો તેમને આ વીડિયો શેર કરજો
2024 Kawasaki Ninja 500 इंडियन मार्केट में लॉन्च, 5.24 लाख रुपये है शुरुआती कीमत
नई कावासाकी निंजा 500 एक ट्रेलिस फ्रेम पर आधारित है और इसे 451 सीसी पैरेलल-ट्विन लिक्विड-कूल्ड...
રાધનપુરમાં જૈન સમાજ દ્વારા પજુસણ બહુજ સુંદર રીતે ઉત્સાહ પૂર્વક તન મન અને ધનથી કાર્ય કરવામાં આવ્યું
રાધનપુરમાં જૈન સમાજ દ્વારા પજુસણ બહુજ સુંદર રીતે ઉત્સાહ પૂર્વક તન મન અને ધનથી કાર્ય કરવામાં આવ્યું
વિકાસ સપ્તાહ ગુજરાત ૨૦૨૫
વિકાસ સપ્તાહ ગુજરાત ૨૦૨૫: યુવા સશક્તિકરણ કાર્યક્રમ ( રાજ કાપડિયા 9879106469 - સમાચાર અને...
iPhone's Lockdown Mode : क्या है ये खास फीचर, कैसे करता है काम, यहां जानें सारी जरूरी डिटेल्स
Apple दुनिया के टॉप टेक्नोलॉजी कंपनी में गिनी जाती है जो अपने यूजर्स के लिए बेहतरीन ऑप्शन लाती...