সোণাৰিত চাহ শ্ৰমিকৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট। 

অসম চাহ মজদুৰ সংঘৰ টিয়ক, জৱকা,বানফেৰা আৰু খামলুং প্ৰাথমিক ইউনিয়ন গোটৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট। উপ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি,চাহ শ্ৰমিকৰ পাত তোলা নিৰিষৰ মজুৰি আৰু উপ কৰ্মচাৰী সকলৰ ভ্ৰমণ বোনাচ বৃদ্ধিৰ দাবীত আজি অসম চাহ মজদুৰ সংঘৰ নিৰ্দেশ মৰ্মে বিভিন্ন বাগিচাত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কৰ্মসূচী ৰূপায়ন কৰা হয়।