#Breaking

#Golaghat ilicit liquor destroyed

গোলাঘাটৰ ঘিলাধাৰীত চুলাইৰ বিৰুদ্ধে অভিযান। চুলাই প্ৰস্তুত কৰা ঘাটিত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১৫০০ লিটাৰ চুলাই।ঘিলাধাৰীৰ মাটিখোলাত সংঘটিত হয় এই ঘটনা। পুৱাই ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈৰ নেতৃত্বত টহলদাৰী আৰক্ষীৰ দ্বাৰা চলিছিল এই অভিযান। আৰক্ষী উপস্থিতিৰ উমান পাই পলাল মদৰ বেপাৰী।দূৰৈৰ হাবিৰ মাজত পৰা ধোঁৱা ওলাই থকা দেখি বিচাৰি যায় আৰক্ষীয়ে।

পথাৰৰ বাটেৰে ধোঁৱা ওলোৱা স্থানত উপস্থিত হৈ আৰক্ষীয়ে প্ৰত্যক্ষ কৰে চুলাইৰ বৃহৎ কাৰখানা।জব্দকৃত প্ৰায় ১৫০০ লিটাৰ চুলাই আৰক্ষীয়ে থলীতেই নষ্ট কৰে।পলাতক চুলাই প্ৰস্তুতকাৰীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান।