বিহুবৰত পথ মেৰামতিৰ দাবীত প্ৰতিবাদ , পথৰ ওপৰতে মহিলাৰ নাম কীৰ্ত্তন ।

    নাজিৰা সমষ্টিৰ অন্তৰ্গত শিমলুগুৰি-চন্টক-বিহুবৰ আৰু নাগালেণ্ড সংযোগী পথটোৰ বিহুবৰ অংশ অত্যন্ত জৰাজিৰ্ণ হৈ পৰিছে । পথৰ মাজত এবুকু পৰ্যন্ত গাঁতৰ সৃষ্টি হৈছে , যাৰ বাবে বিহুবৰবাসী ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হব লগা হৈছে । সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন নিবেদন, প্ৰতিবাদ, পথ অৱৰোধ আদি কৰাৰ পাছতো পথটো মেৰামতি নকৰাত অঞ্চলটোৰ আয়তী সকলে  পৱিত্ৰ ভাদ মাহত নামঘৰৰ পৰিবৰ্তে পথৰ ওপৰতে  সংশ্লিষ্ট কৰ্তৃপক্ষৰ সুমতি বিছাৰি নাম কীৰ্তন কৰে ।