ধেমাজি ডি আৰ ডি এত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ২১৫ কৰ্মীক জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপস্থিতিত স্কুটাৰ প্ৰদান
আজি ধেমাজি ডি আৰ ডি এ প্ৰাঙ্গনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়ীত সখী এক্সপ্ৰেছ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত আনুষ্ঠানিক ভাৱে ২১৫ খন স্কুটাৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়।
উক্ত কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেওৰী, বি ডি অ’ নবীন কামান, ৰছেতি সঞ্চালক মুক্তি গগৈ, ডি পি এম এ এছ আৰ এল এম সপুন জ্যোতি গোহাঁইয়ে উপস্থিত থাকি জীৱিকা সখী, পশু সখী, কৃষি সখী, ইণ্টাৰনেল মেণ্টৰ, বিমা সখী, মাষ্টাৰ বুক কীপাৰৰ মাজত আনুষ্ঠানিক ভাৱে 215 খন স্কুটাৰ প্ৰদান কৰে।
জীৱিকা আত্ম সহায় গোটৰ লগত জড়িত হৈ থকা কৰ্মীসকলে স্কুটাৰ লাভ কৰি আনন্দিত হৈ অনাগত দিনত ৰাইজৰ হৈ নিষ্ঠাৰে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে।