স্বপ্নদ্ৰষ্টা যতীন গগৈৰ পঞ্চম স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন
বিজ্ঞান আৰু তথ্য প্ৰযুক্তিয়ে আমাৰ জীৱনযাত্ৰা নিশ্চয় সমৃদ্ধিশালী কৰিছে। কিন্তু তাৰ সমান্তৰালকৈ বৈজ্ঞানিক মানসিকতা গঢ় দিয়াত আমি ক'ৰবাত পিছ পৰি ৰৈছোঁ। সামাজিক অস্পৃশ্যতা, অন্ধবিশ্বাসৰ কবলত পৰি ডাইনী হত্যা আদিবোৰে এই কথাকেই সূচাইছে। আকৌ একে সময়তে যোগাযোগ মাধ্যমসমূহে আমাক এজনৰ সৈতে আনজনৰ যিমান ওচৰ চপাইছে তেনেকৈ আকৌ আত্মকেন্দ্ৰিকতাতো আৱদ্ধ কৰিছে। আমাৰ সামাজিক সম্বন্ধ আৰু মানৱীয় সম্পৰ্কসমূহক বিচ্ছিন্নও কৰিছে। আচলতে এক গভীৰ অন্তৰ্দৃষ্টিৰে, বাস্তৱিক বিশ্লেষণেৰে দুয়োটাৰ মাজত সহাৱস্থান ৰক্ষা কৰিব পাৰিলেহে আমাৰ মানৱ সভ্যতা জীয়াই থাকিব।" ---- বিশিষ্ট চিন্তাবিদ, নিৱন্ধকাৰ সুবক্তা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ডঃ সৌমাৰজ্যোতি মহন্তই স্বপ্নদ্ৰষ্টা যতীন গগৈৰ পঞ্চম স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তাৰ ভাষণত এইদৰে কয়। ১৮ আগষ্টত মৰাণৰ বতামৰা উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয়ত প্ৰতিষ্ঠাপক অধ্যক্ষ যতীন গগৈৰ স্মৃতিত অনুষ্ঠিত "বিজ্ঞান তথা তথ্য-প্ৰযুক্তি বনাম মানৱ সমাজ"-- শীৰ্ষক স্মাৰক বক্তৃতাৰ বিষয়ত ভাষণ প্ৰদান কৰি মহন্তই স্বপ্নদ্ৰষ্টা যতীন গগৈৰ দূৰদৰ্শী চিন্তাৰ বিশ্লেষণ আগবঢ়োৱাৰ লগতে নতুন প্ৰজন্মই তথ্য-প্ৰযুক্তিৰ সুবিধাখিনি লৈ বৈজ্ঞানিক মানসিকতাৰে নিজকে সমৃদ্ধ কৰি সমাজ গঠনৰ অংশীদাৰ হ'বলৈ আহ্বান জনায়। মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট কবি, লেখক ডঃ নিৰোদ গোহাঁইয়ে মনোজ্ঞ অনুষ্ঠানটিৰ সঞ্চালনা কৰি নিজৰ বক্তব্যত স্বপ্নদ্ৰষ্টা যতীন গগৈৰ সান্নিধ্যৰ সোঁৱৰে আৰু শিক্ষক-ছাত্ৰ সমাজক গগৈৰ আধৰুৱা কৰ্ম পূৰণ কৰাৰ প্ৰচেষ্টাত ব্ৰতী হ'বলৈ আহ্বান জনায়। অনুষ্ঠানটিৰ উদ্বোধন কৰি বিশিষ্ট কবি, লেখক তথা বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ চুতীয়াই বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ সৰল ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ মন আকৰ্ষণ কৰে। বিশিষ্ট অতিথিৰ বক্তব্যত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক কৌৰাঙ্গ বৰগোহাঁইয়ে তথ্য-প্ৰযুক্তিয়ে নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশত আগবঢ়োৱা অৱদানৰ লগতে ভৱিষ্যত দিনত বিদ্যালয়খনৰ শৈক্ষিক দিশৰ উন্নতি কামনা কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোৰাছেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সহকাৰী শিক্ষক ধৰ্মকান্ত হাজৰিকাই। আদৰণি বক্তব্য আগবঢ়ায় অধ্যক্ষা শিৱাণী শৰ্মা গগৈয়ে। স্মৃতিৰক্ষা সমিতিৰ সভাপতি মুক্তি গগৈয়ে বিগত বৰ্ষসমূহত উদযাপন কৰি অহা স্মাৰক বক্তৃতানুষ্ঠানলানিৰ বিষয়ে অৱগত কৰে। পুৱাৰ ভাগত বৃক্ষৰোপণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সচিব পুলিন গগৈয়ে আৰু স্বপ্নদ্ৰষ্টা যতীন গগৈৰ প্ৰতিমূৰ্তি স্থলীত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ শৈক্ষিক উপদেষ্টা প্ৰদীপ কুমাৰ সন্দিকৈয়ে।
উল্লেখ্য যে, জাতীয় বিদ্যালয় শিক্ষা আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি যতীন গগৈৰ ২০১৬ বৰ্ষৰ ১৮ আগষ্টত এক আকস্মিকভাৱে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰিছিল। প্ৰয়াত গগৈৰ চিন্তাধাৰা জীয়াই ৰাখিবলৈ উক্ত বৰ্ষৰ পৰা বিদ্যালয় পৰিয়াল তথা স্বপ্নদ্ৰষ্টা যতীন গগৈ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। বিগত বৰ্ষসমূহত বিশিষ্ট চিন্তাবিদ ডঃ দেৱব্ৰত শৰ্মা, অৰণ্য মানৱ যাদৱ পায়েঙ, অধ্যাপক-সুবক্তা ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁই, বিশিষ্ট গৱেষক ডঃ গিৰিণ ফুকনে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। কিন্তু ২০২০ আৰু ২০২১ বৰ্ষ দুটা কভিদে আক্ৰান্ত কৰা বাবে অনুষ্ঠানটোৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা হোৱা নাছিল। আয়োজক সমিতিৰ হৈ সম্পাদক ধৰ্মকান্ত হাজৰিকা আৰু সভাপতি মুক্তি গগৈয়ে স্মাৰক বক্তৃতানুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে শিক্ষানুৰাগী ৰাইজ, অভিভাৱক আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰিছে।