সোণাৰিৰ টিয়ক চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ। 

বিভিন্ন সমস্যা সমাধানৰ দাবীত সোণাৰিৰ টিয়ক চাহ বাগিচাত পুৱাৰে পৰা শ্ৰমিকৰ প্ৰতিবাদ।

চৰাইদেউ জিলাৰ সোণাৰিৰ অন্তৰ্গত অসম চাহ মজদুৰ সংঘৰ অধীনস্থ টিয়ক চাহ বাগিচা উপ-কৰ্মচাৰীসকলৰ দৰমহা আৰু ভ্ৰমণ বোনাচ বৃদ্ধিৰ দাবীত আজি বাগিচাৰ কৰ্মচাৰীসকলে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম চাহ মজদুৰ সংঘৰ টিয়ক বাগিচা শাখাৰ উদ্যোগত পুৱা ৮ বজাৰ গ্ৰহণ কৰা তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে বাগিচাখনৰ কৰ্মচাৰীসকলৰ এই দীৰ্ঘদিনীয়া সমস্যাসমুহ অতি সোনকালে সমাধান কৰিবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনায়৷ অন্যথা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰীসকলক লগত লৈ সংগঠনটোৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে৷ আনহাতে, অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ আহ্বানক্ৰমে বিভিন্ন চাহ বাগিচা সমূহত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ অসম চাহ মজদুৰ সংঘৰ টিয়ক চাহ বাগিচা ইউনিটৰ উদ্যোগত অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে কৰ্মচাৰীসকলৰ দীৰ্ঘদিনৰ দাবীসমুহ শীঘ্ৰে পুৰণ কৰিবলৈ দাবী জনায়৷